У нас вы можете посмотреть бесплатно পৰীক্ষা! পৰীক্ষা! বাক্য ৰচনা কৰোঁ আহক।।MAKE SENTENCES|| নাচালেই বহুত কিবা হেৰুৱাব কিন্তু....... или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
বাক্য ৰচনা *********** ১)অমাতৰ মাত(শুৱলা মাত): নতুনকৈ মাত ফুটা ল'ৰা-ছোৱালীৰ অমাতৰ মাত শুনি বৰ ভাল লাগে। ২)অবালচন্দ(অযোগ্য): তোমাৰ নিচিনা অবালচন্দ মানুহক এনে কাম কৰিবলৈ দিয়া ভুল। ৩)অজীন পাতকী(দন্দুৰা, মিলিব নোৱাৰা): সি অজীন পাতকী হোৱাৰ বাবেই এইখন গাঁৱত থাকিব নোৱাৰি গুচি গ'ল। ৪)অথাই সাগৰ( ডাঙৰ বিপদ): এইবাৰ ভগৱানে মোক অথাই সাগৰৰ পৰা ৰক্ষা কৰিলে। ৫)অপাৰ সমুদ্ৰ(মহা বিপদ): গিৰীয়েকৰ মৃত্যুত ঘৈণীয়েকে ল'ৰা-ছোৱালী কেইটাৰ সৈতে অপাৰ সমুদ্ৰত পৰিল। ৬)আটোম টোকাৰি(পৰিপাটি, ভালদৰে ৰখা): ৰামহঁতে ঘৰখন বেচ আটোম টোকাৰি কৰি ৰাখিছে, সোমালেই ভাল লাগে। ৭)আথেবেথে(আদৰেৰে, মৰমেৰে): তেওঁলোকে অতিথিক আথেবেথে অভ্যৰ্থনা কৰিছে। ৮)আকোঁৰ গোজালি(একেটাতে লাগি থকা): একেটা কথাতে এনেদৰে আকোঁৰ গোজালি ভাৱে ধৰি থাকিলে সিদ্ধান্তলৈ আহিব পৰা নহয়। ৯)আশা শুধীয়া(কপট, স্বাৰ্থ নথকা): গোপীনাথ বৰদলৈৰ আশা শুধীয়া চেষ্টাত অসমৰ বহুখিনি উন্নতি হ'ল। ১০)আও মৰণেৰে মৰা(নিজৰ দোষত মৃত্যু হোৱা): ইমান ডাঙৰ বেমাৰ এটা হোৱাতো ডাক্তৰৰ পৰামৰ্শ নলৈ গোপনে ৰাখি শেষত সি আওমৰণেৰে মৰিল। ১১)আকাশত চাং পতা(অসাৰ কল্পনা): যদুৰ সকলো কথা আকাশত চাং পতা। ১২)আগৰণুৱা(আগবাঢ়ি যোৱা): ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধী আগৰণুৱা আছিল। ১৩)আপুৰুগীয়া(পাবলৈ নোহোৱা): যুদ্ধ লগাৰ পিছৰ পৰা সোণ আপুৰুগীয়া হৈ পৰিছে। ১৪)উভৈনদী(বহুত,যথেষ্ট): বিয়াঘৰত জলপান উভৈনদী হৈছিল। ১৫) গোকাট(নিন্দনীয়,অতি বেয়া): স্বাৰ্থ সিদ্ধিৰ কাৰণে সি গোকাট মিছা কথা কয়। ১৬)খামি ডাঠ(সাহসী): সি বৰ খামি ডাঠ মানুহ, মাজ ৰাতি ওলাই যাবলৈকো ভয় নকৰে। ১৭)তয়াময়া(ডাঙৰ): শৰাইঘাটৰ তয়াময়া ৰণত অসমীয়াই মোগল সেনাক পৰাস্ত কৰিছিল। ১৮)আজল মঠ(জানি নজনাৰ ভাও ধৰা): আজল মঠ হৈ থাকিলে কি হ'ব, আচল কথাটো কোৱা। ১৯)আতোল তোল(অধিক মৰম কৰা): আতোল তোল কৰিলে ল'ৰা-ছোৱালী বেয়া হয়। ২০)আদ্যোপান্ত(আদি অন্ত): সি ঘটনাৰ আদ্যোপান্ত ভাঙি ক'লে। ২১) তজবজীয়া(স্থিৰেৰে নথকা, এলাহ নোহোৱা): তোমাৰ ল'ৰাটো বৰ তজবজীয়া। ২২)তমোময়(প্ৰৱল): নৈখনৰ তমোময় সোঁত দেখিলেই ভয় লাগে। ২২)দীকচৌ(দূৰ): ৰামে দীকচৌ বনত বনবাস খাটিছিল। ২৩)নিমাখিত(শান্ত,দুখীয়া) : আমি অতি নিমাখিত মানুহ, কোনোমতে জীয়াই আছোঁ। ২৪)হাৰমাল(এৰাব নোৱাৰা জঞ্জাল(: মানুহজনী আনি সি হাৰমালহে চপালে। #assam #অসমীয়া #grammar #ব্যাকৰণ#study #education #educationalvideo #school #make # make sentences#বাক্য #assamesegrammar @srimantamotivatoranushilan8846 @scordemyassam @chayadeka @Lovacurious2 @AssameseKnowledgeTV @DkVlogswithDipankar