Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб নিৰৱতা আৰু অকলশৰীয়া কি তেওঁ ভালকৈ জানে ! 🧿🥰😊 +91 88795 74280 в хорошем качестве

নিৰৱতা আৰু অকলশৰীয়া কি তেওঁ ভালকৈ জানে ! 🧿🥰😊 +91 88795 74280 1 месяц назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



নিৰৱতা আৰু অকলশৰীয়া কি তেওঁ ভালকৈ জানে ! 🧿🥰😊 +91 88795 74280

অন্তৰীপ ভাগৱতী +91 88795 74280 ৭ মাহ সাগৰ আৰু মহাসাগৰতে থকা এজন ব্যক্তি বাণিজ্যিক জাহাজত মাহ মাহ সময় পাৰ কৰে তেওঁ নিৰৱতা আৰু অকলশৰীয়া কি তেওঁ ভালকৈ জানে কাৰণ তেওঁ সাগৰৰ মাজত থাকে। সাগৰ আৰু আকাশৰ বিশালতা কিমান? সাগৰ আৰু আকাশক নুসুধিবা কোন কিমান বিশাল? সাগৰ দেখা নাই যদি এই অনুষ্ঠান আপোনাৰ বাবে সাগৰ কিমান বিশাল আৰু গভীৰ? জলদস্যু আৰু জাহাজৰ কৰ্মীসকল কি জানেনে? সাগৰৰ জীৱবোৰ জাহাজৰ কৰ্মচাৰীৰ বন্ধু কেনেকৈ হয় ? জাহাজ ডুবিলেও টিঙৰ পৰা নানামে নাৱিক কিয়? সাগৰ মহাসাগৰৰ ৰোমাঞ্চকৰ অভিজ্ঞতা আৰু অন্তৰীপ ভাগৱতী অসমীয়া সাহিত্যৰ উপন্যাস পঢ়োতাৰ বাবে অন্তৰীপ ভাগবতী এটি পৰিচিত নাম। তেওঁৰ প্ৰথমখন উপন্যাস 'নীল সাগৰৰ সেউজী ছাঁ' ইতিমধ্যে পঢ়ুরৈ সমাজে আদৰি লৈছে । 'পিবাণ' তেখেতৰ দ্বিতীয়খন উপন্যাস। যোৰহাট বাল্য ভৱনৰ পৰা মেট্রিক পাছ কৰাৰ পাছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা হায়াৰ চেকেণ্ডেৰীত উত্তীর্ণ হৈ নাগপুৰৰ 'বাপুৰাও দেশমুখ ইঞ্জিনিয়াবিং কলেজৰ পৰা যান্ত্রিক (Mechanical) বিভাগত ইঞ্জিনিয়াৰিং ডিগ্রী লাভ কৰে। পৰৱৰ্তী সময়ত ল'নাবলাৰ 'Great Eastern Shipping Institute' ৰ পৰা ২০১১ চনত Marine Engineering ৰ ডিগ্রী লাভ কৰে আৰু ২০১২ চনৰ পৰা বৰ্তমানলৈ এই কোম্পানীতে কর্মবত। চাকবি সূত্রে বাণিজ্যিকজাহাজেৰে সাগৰ-মহাসাগৰৰ গভীৰ জলৰাশিৰ বুকুয়েদি দিনৰ পাছত মাহ আৰু মাহ জুৰি বিপদসঙ্কুল সময় অতিক্রমি বিভিন্ন দেশ- মহাদেশৰ বন্দৰৰ ভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট জীৱন। খুব কম বয়সতে লাভ কৰা জীৱনৰ এনে বিচিত্র অভিজ্ঞতাক অনুভবী মনেৰে কাহিনীৰ ৰূপ দিবলৈ কৰা প্রয়াস নিতান্তই প্রশংসনীয়। অসমীয়া সাহিত্যত এনে বিষয়বস্তুৰ আধাৰত ৰচিত গ্রন্থৰ সংখ্যা তেনেই তাকৰ। উপন্যাসৰ নায়িকা জেনী এজনী ৰাংঢালী ছোৱালী। তাই বাস কৰা চহৰখনেই 'পিৰাণ'। ইউৰোপৰ এখন উপকূলবর্তী মনোমোহা চহৰ। য'ত আছে নিমখব খনি, শাৰী-শাৰী জলফাই গছৰ সৈতে টাৰটিনি চ'কৰ পৰা ভাঁহি অহা ভায় 'লিনৰ সুৰেৰে পিৰাণ চহৰে অতিজৰে পৰা প্ৰেমৰ বার্তা কঢ়িয়াইছিল। টাৰটিনি চ'ক পাৰ হৈ সোঁমাই যোৱা পথটোৰে গ'লেই জেনীহঁতৰ ঘৰ। ইয়াতেই আৰম্ভ হৈছে জেনীৰ প্রেম কাহিনী। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জর্জ নামৰ এজন নাবিকৰ পিৰাণ চহৰলৈ আগমন, সংযোগ সূত্রে জর্জৰ সৈতে জেনীৰ প্রেম, পানীৰ মাজত জর্জব একাকীকত্ব জীবন সংগ্রাম আৰু ভীৰৰ মাজত অকলশৰীয়া, কোলাহলৰ মাজত নীৰৱতাৰ সৈতে খুঁজি জেনীয়ে জর্জৰ বাবে অপেক্ষা কৰা এটি মিঠা কাহিনী 'পিৰাণ'ৰ মাজত নিহীত হৈ আছে। লগতে আছে এটি সঁচা কাহিনী। ভাৰতত ১৪ এপ্রিলত পালন কৰা 'ৰাষ্ট্ৰীয় অগ্নিদহন সেবা দিবস' (Na- tional Fire Service Day) ৰ আঁৰৰ কাহিনী। প্রকৃততে সেইদিনা বোম্বাই চহৰত কি হৈছিল, সেইদিনটোত বোম্বাই চহৰখন সঁচাকৈয়ে আধা জ্বলি গৈছিল নেকি? সেইটো দিনতে বোম্বাই চহৰত সোণৰ বৰষুণ হোৱা বুলি কিয় কোৱা হৈছিল। সেইদিনা জাহাজত হোৱা বিস্ফোৰণত জর্জে নিজৰ জীৱন ৰক্ষা কৰিব পাৰিলেনে? জেনীৰ সৈতে তাৰ পুণৰ মিলন হ'লনে? এই কথাৰ আঁতি-গুৰি জানিবলৈ আহক আমি সোমাই যাওঁ 'পিবাণ' উপন্যাসখনৰ অন্তর্ভাগলৈ।   / baartalaap     / baarta_laap     / baartalaapdotin   https://baartalaap.in/

Comments