У нас вы можете посмотреть бесплатно সৰভোগ শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত সৰভোগৰ ব্ৰজ সদনত "আন্তর্জাতিক নাৰী দিৱস" উদযাপন কৰা হয়। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
সমগ্ৰ বিশ্বৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত সৰভোগ শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগতো আজি সৰভোগৰ ব্ৰজ সদনত "আন্তর্জাতিক নাৰী দিৱস" উদযাপন কৰা হয়। আজি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে লীলাৱতী দাসে, হোলী গীত পৰিৱেশন কৰে বৰনগৰ মহিলা সাংস্কৃতিক গোষ্ঠীয়ে। ইয়াৰ পাছতে সভাপতি আৰু বিশিষ্ট অতিথিসকলে আসন গ্ৰহণ কৰে। সভাখনত সভাপতিত্ব কৰে পুতুল ভৰালী মেধীয়ে। আদৰণি ভাষণ তথা সভাৰ উদ্দেশ্য বাখ্যা কৰে সৰভোগ শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী গুণৱতী দাসে। আজিৰ সভাতে সৰভোগ শাখা লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ "কল্পতৰু"ৰ ১ম সংখ্যা উন্মোচন কৰে লেখিকা সমাৰোহ সমিতিৰ বৰপেটা জিলাৰ সভানেত্ৰী তথা বিশিষ্ট অতিথি ড: অমিয়া মহন্তই। বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে লেখিকা সমাৰোহ সমিতিৰ বৰপেটা জিলাৰ কাৰ্যকৰী সভাপতি হিৰণ শইকীয়া লহকৰে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে "পৰিৱেশ আৰু কৃষি পৰামৰ্শদাতা আৰু বিজ্ঞান সংযোগকাৰী" মানসী গোস্বামী। আজিৰ অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত সৰভোগৰ কেবাগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়, ল'গতে সংগীত পৰিৱেশন আৰু কবিতা পাঠ কৰে কেবাগৰাকী শিল্পী তথা কবিয়ে।