Русские видео

Сейчас в тренде

Иностранные видео




Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



Naam Prasanga || Rajiv Chutia || নাম প্ৰসঙ্গ || ৰাজীৱ চুতীয়া

বৰগীত: ।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি ।।ধ্ৰুং।। বেসায়ো ভাৰস্তে হাট, আউৰ বেলি নাটে।চলিলে নিকট ভয়ো ভৰা দিয়ো ঝাণ্টে।। পদ।। ভাৰত হাটত আছে অনেক দোকানি।নিচিনি কিনিলে পুনু মিলিবে বিঘিনি।। যৈতে তৈতে নথাকয় হৰিনাম যত্ন।মহন্ত দোকানি ৰাখে কৰি মহা ৰত্ন।। সাধু দোকানিৰ সংগে কৰিয়া যতন।যাৱে বেলি তাৱে লেহু ৰাম নাম ৰতন।। ভাৰত হাটত নৰ-নাৱ পচি যায়।হুয়ো সাৱধান কৃষ্ণকিঙ্কৰ গায়।। নামছন্দ: মাধৱ মাধৱ মাধৱ মধুৰিপু গােবিন্দ কৃষ্ণ হৰি হৰি ৰাম॥ ৯২২॥ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়, মুৰাৰি এ হৰি হৰি ৰাম ॥৯২২॥ ও প্রাণ গােপাল দীনবন্ধু নাৰায়ণ ॥ ৯২৪॥ হে হে পৰম গুৰু পুৰুষােত্তম হৰি পুৰুষােত্তম। পুৰুষােত্তম পুৰুষােত্তম জয় পুৰুষােত্তম ॥ ৯২৫॥ দিহা ঘোষা: মুৰাৰি মুকুন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম মুৰাৰি মুকুন্দ জয় ৰাম। সুমৰণে পাপক্ষয় মিলে মহা মহােদয় দুখঃচয় গুচে শোক ভয় হৰি ৰাম ॥৯৬২॥ ৰামকৃষ্ণ গােবিন্দ ৰামকৃষ্ণ গােবিন্দ ৰামকৃষ্ণ গােবিন্দ হৰি। বনমালী বাসুদেৱ পদ্মনাভ জনাৰ্দ্দন মাধৱ মুকুন্দ মুৰাৰি হৰি ৰাম॥৯৬৩॥ মাধৱ মধুৰ মুৰুতি মধুসূদন দনুজদমন দুঃখহাৰী। পীতাম্বৰধৰ শ্যামসুন্দৰ হৰি। জয় জয় মুকুন্দ মুৰাৰি হৰি ৰাম ।।৯৬৪॥ !!চতুৰ্বিংশতি অৱতাৰ : চতুৰ্থ কীৰ্ত্তন!! ঘোষা!! মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি!!২৪!! পদ!! ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি! দেখিলাহা প্ৰজা ভৈল আতি অল্পমতি!! কৰিলা অনেক শাখা চাৰিও বেদৰ! পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্ম্মিলা বিস্তৰ!!২৫!! গজেন্দ্ৰক গিলে ঘোৰ গ্ৰাহে বলে ধৰি! তোহ্মাত শৰণ লৈলে আৰ্ত্তনাদ কৰি!! শুণ্ডে় মেঢ়াই পদ্মগোট উপৰক তুলি! গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি!!২৬!! শুনি শীঘ্ৰে চড়ি তুমি গৰূড়ৰ স্কন্ধে! ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে!! গৰূড়ৰ নামি তুমি পৰম বিক্ৰমে! শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে!!২৭!! আথেবেথে চক্ৰে ছিঁড়িলাহা গ্ৰাহমুখ! তোহ্মাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুঃখ!! হস্তী গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা! গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা!!২৮!! তোহ্মাক নমিলা গৈয়া দন্দয়তে পৰি! পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লৰি!! তযু পৰশনে গ্ৰাহে শাপক নিস্তৰি! বিমানে স্বৰ্গক গৈলা দিব্য ৰূপ ধৰি!!২৯!! হয়গ্ৰীৱ নামে আৰ ভৈলা অৱতাৰ! তপ্ত সুৱৰ্ণৰ বৰ্ণ শৰীৰ তোহ্মাৰ!! তোহ্মাৰ সুন্দৰ সিটো নাসিকাৰ হন্তে! বাজ ভৈলা বেদগণ নিশ্বাস কাঢ়ন্তে!!৩০!! সপত্নী মাতৃৰ বাক্যে বিদাৰিল মন! ধ্ৰূবে আসি আৰাধিলা তোহ্মাৰ চৰন!! ত্ৰৈলোক্যৰ ওপৰে তাহাঙ্ক থৈলা থাপি! গোধিকাৰ পুৰ্চ্ছভাগে দেখিয়ো অদ্যাপি!!৩১!! দেৱে দৈত্যে আনিবেক নৱাৰে মন্দৰ! অপ্ৰয়াষে আনি তুমি মথিলা সাগৰ!! দানৱক যুজিলা দেৱৰ হুয়া ভিতি! তোহ্মাৰ প্ৰসাদে ইন্দ্ৰে সাধিলা জয়তি!!৩২!! কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্ব্বজনে! মোক্ষপদ সাধা আউৰ শ্ৰৱণ কীৰ্ত্তনে!! কৃষ্ণৰ কিঙ্কৰে ভনে শঙ্কৰে সম্প্ৰতি! বোলা হৰি হৰি পাপ যাউক অধোগতি!!৩৩!! প্ৰহ্লাদ চৰিত্ৰ॥ সপ্তম কীৰ্ত্তন॥ ঘোষা॥ পৰমানন্দ কৰা কৃপা ভৃত্যক সম্প্ৰতি। তুমি বিনা নাই আনগতি॥ ২৩॥ পদ॥ পাছে জয় বিজয়ক হৰি। কৰিলা আশ্বাস দুইকো ধৰি॥ অসুৰ যোনিক যাহা তয়। নকৰিবা মনে কিছু ভয়॥ ২৮৪॥ তোৰা দুয়ো থাকোক কল্যাণ। মই দুঃখ কৰিবো নিৰ্য্যাণ॥ ব্ৰহ্মশাপ নকৰো উছন। আছে পদে মোৰ প্ৰয়োজন॥ ২৮৫॥ সুমৰিও পুৰণি কথাক। চিন্তি আছোঁ মই আপুনাক॥ আমাৰ পাশক আসে লক্ষ্মী। তাঙ্ক নিবাৰিলা দুয়ো দেখি॥ ২৮৬॥ ক্ৰোধে বুলিলন্ত লক্ষ্মী শাপি। হুয়োক অসুৰ দুয়ো পাপী॥ হেনজানি হুয়ো দুয়ো দৈত্য। ভকতৰ ভয় আছে কৈত॥ ২৮৭॥ বৈৰভাৱে চিন্তিবাহা মোক। অল্পকালে পাইবা এহিলোক॥ দুঃখৰ কৰিবো মই অন্ত। এহিবুলি পাছে ভগৱন্ত॥ ২৮৮॥ লক্ষ্মীসমে গৈলা ধীৰে ধীৰে। প্ৰৱেশিলা ৰত্নৰ মন্দিৰে॥ পাছে দুই মুখ্য পাৰিষদ। এড়ি সৱে বৈকুণ্ঠ সম্পদ॥ ২৮৯॥ শ্ৰীহত হুয়া অধোমুখে। বিমানৰ পৰা পৰে দুঃখে॥ হেন দেখি বৈকুণ্ঠক ছানি। কৰে সৱে হাহাকাৰ ধ্বনি॥ ২৯০॥ পাছে দুয়ো এড়ি নিজ কায়। কাশ্যপৰ বীৰ্য্যে লৈলা ঠাই। স্বামীৰ সংযোগে পাছে দিতি। অনুক্ৰমে ভৈলা গৰ্ভৱতী॥ ২৯১॥ কৃষ্ণৰ কিঙ্কৰে এভো ভণে। নেড়িবা কীৰ্ত্তন একোজনে॥ কেতিক্ষণে পড়ৈ ইটো কায়। হৰি হৰি ঘুষিয়ো সদায়॥ ২৯২॥ #naamprasang #namprasanga #নামপ্ৰসঙ্গ #Srimanta_Sankardev_Sangha

Comments