У нас вы можете посмотреть бесплатно Vidya- the living school এজন ডেকা অধ্যাপকৰ সপোনৰ পম খেদি или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
VIDYA the living school এজন ডেকা অধ্যাপকৰ সপোনৰ পম খেদি তেওঁৰ বুকুত এটা সপোন কঢ়িয়াই লৈ ফুৰিছে ৷ এনে এচাম ছাত্ৰছাত্ৰী তেওঁ গঢ় দিব যি পৰম্পৰাৰ জেউতিৰে জিলিকি উঠি জ্ঞানৰ সাধনাত মগ্ন হ’ব আৰু জীৱন জীৱিকাৰ প্ৰতিটো দিশতে হ’ব বিশাৰদ ৷ এনে চিন্তা লৈয়ে ২০২০ চনত তেওঁ ধেমাজিৰ দুৰ্গম অঞ্চলত স্হাপন কৰিলে এখন অগতানুগতিক শিক্ষা প্ৰতিষ্ঠান বিদ্যা দ্যা লিভিং এতিয়া এই আশ্ৰমসদৃশ বিদ্যালয়ত দেশৰ বিভিন্ন প্ৰান্তৰ ৩ শতাধিক ছাত্ৰছাত্ৰী অধ্যয়ণৰত ৷ নতুন সপোন এটিক বাংময় ৰূপ দিবলৈ সমৰ্থ হোৱা এই ব্যক্তিজনৰ নাম ড: প্ৰাণ্জল বুঢ়াগোহাই ৷ এওঁ ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ৷ নিজৰ বেতনৰ মাত্ৰ তিনি চাৰি হেজাৰ টকাৰে প্ৰাণ্জল বুঢ়া গোহায়ে নিজৰ মাহেকীয়া জীৱনযাপন কৰাৰ বিপৰীতে তেওঁ সকলোধন ব্যয় কৰে বিদ্যা দা লিভিং স্কুলত ৷ কিন্তু এই ডেকা অধ্যাপকজনে কিয় জন্ম দিলে এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান ? কি সপোনে অধ্যাপক জনক কৰি তুলিছে সংগ্ৰামী ? আহকচোন সবিশেষ জানো ড: প্ৰাণ্জল বুঢ়াগোহাইৰ পৰা ৷ “ ন ” আলোচনীৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অসমীয়া ৱিভাগৰ অধ্যাপক নাট্যকাৰ ,গল্পকাৰ হিৰণ্য সভাপণ্ডিতে ৷ thenaa.in