У нас вы можете посмотреть бесплатно Moromor Deuta (মৰমৰ দেউতা) - by Dr. Bhabendra Nath Saikia || উপন্যাস পাঠ - এক || или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
অসমীয়া সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ এক অনুপম সৃষ্টি শিশু উপন্যাস ‘মৰমৰ দেউতা। ১৯৯২ চনত প্ৰথম প্ৰকাশ হোৱা এই গ্ৰন্থখনিৰ প্ৰকাশক আছিল সঁফুৰা সাহিত্য সদন, পাণবজাৰ। প্ৰথম অৱস্থাত ধাৰাবাহিকভাৱে মাহেকীয়া শিশু আলোচনী ‘সঁফুৰা’ত প্ৰকাশ পোৱা ‘মৰমৰ দেউতা’ শিশু উপন্যাসখনত এজন সৰু ল’ৰাৰ কথা বর্ণনা কৰা হৈছে। সেই ল’ৰাজনে হ’ল উপন্যাসখনিৰ মূখ্য চৰিত্ৰ বিপুল। এজন কমবয়সীয়া ল’ৰা বিপুল। ঘৰত পৰিয়াল বুলিবলে মাক-দেউতাক, এজনী ভনীয়েক আৰু বায়েক। দেউতাক কর্মসূত্ৰে ঘৰৰপৰা আঁতৰত থাকে। অতি উৎপতীয়া স্বভাৱৰ ল’ৰা বিপুল। ঘৰত কাৰো কথা শুনিবলৈ বাধ্য নহয় সি। তাক ভাল কৰিবলৈ বহুত চেষ্টা কৰিছে তাৰ পৰিয়ালটোৱে। পূজা পাতলৰ দোষ বুলি ভাবি নানান পূজা-পাতল আগবঢ়াইছে কিন্তু তথাপিতো ঠিক কৰিব পৰা নাই তাক। ঘৰখনৰ বাবে যেন এক অশান্তি হৈ পৰিছে বিপুল। মন গ’লেই ঘৰৰ পৰা ওলায় যায় আৰু মন গ’লেই সোমায়। তাৰ বাবে সময়ৰ কোনো ঠিক নাই। ঘৰখনৰ বাবে এক অশান্তি হৈ পৰিছিল বিপুল। আৱর্জনাযেন হৈ পৰিছিল বিপুল। এদিন দোকান এখনত লগৰ কেইজনমানৰ সৈতে চিগাৰেট বিচাৰি যায়। সৰু ল’ৰা বাবে দোকানীজনে চিগাৰেট দিবলৈ অস্বীকাৰ কৰে। কিন্তু বিপুলৰ লগৰ এজনে দোকানীজনক দম দি চিগাৰেট আনে। সেই ঘটনাৰ পিছদিনা উদ্ধাৰ কৰা হয় কোনোবাই আক্ৰমণ কৰি পেলাই থোৱা বিপুলক। মেডিকেলত ভৰ্তি কৰোৱাৰ পিছত সুস্থ হৈ আকৌ উঠে বিপুল। এই ঘটনাৰ পিছতে বিপুলে উপলব্ধি কৰে যে সি আচলতে একো ভাল কাম কৰা নাই। সি উপলব্ধি কৰে সি কৰা বেয়া কামবোৰৰ কথা। তাৰ পিছত সেই উপলব্ধিৰেই পুনৰ সৎ পথলৈ ঘূৰি আহে বিপুল। এনেদৰে নিজৰ কার্য্যৰ জৰিয়তে আহৰণ কৰা উপলব্ধিৰেই পুনৰ সৎ পথলৈ উভতি অহা এজন ল’ৰাৰ কাহিনীৰে এখন উৎকৃষ্ট পঠনশীল শিশু উপন্যাস হ’ল ড° শইকীয়া ছাৰৰ অনুপম সৃষ্টি শিশু উপন্যাস ‘মৰমৰ দেউতা।’ #প্ৰথম_খণ্ড