Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Dr Bhupen Hazarika golden collection | ভূপেন হাজৰিকা গীত | Bhupen Hazarika Audio jukebox | 5 Song в хорошем качестве

Dr Bhupen Hazarika golden collection | ভূপেন হাজৰিকা গীত | Bhupen Hazarika Audio jukebox | 5 Song 2 месяца назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



Dr Bhupen Hazarika golden collection | ভূপেন হাজৰিকা গীত | Bhupen Hazarika Audio jukebox | 5 Song

Dr Bhupen Hazarika golden collection | ভূপেন হাজৰিকা গীত | Bhupen Hazarika Audio jukebox | 5 Song - sanskritir diganta Download all song https://oncehelp.com/786444 https://oncehelp.com/786444 https://oncehelp.com/786444 https://oncehelp.com/786444 Download the app and get money 🤑💰 Download the App Now: https://rushbyhike.app.link/wrdmpTD0yJb সুন্দৰ এটি কংসালয় চাবলৈ তলৰ লিংকত click কৰক -    • কংসৰ দুৰ্দান্ত অভিনয় । শ্ৰী শ্ৰী কৃষ...   Time Line - 0:00 অগ্নিযুগৰ ফিৰিঙতি মই 3:05 জিলিকাব লুইতৰে পাৰ 6:32 তোমাৰ দেখো নাম পত্ৰ লেখা 12:53 স্নেহ আমাৰ শত শ্ৰাৱণৰ 16:04 চিৰ যুগমীয়া ঢৌ তুলি Lyrics Of agni jugor firingoti moi অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম। নৰকঙ্কালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম নতুন ভাৰত গঢ়িম। ধৰ্ম-ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহঙ্কাৰ লয় পাব তাত অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাশিম নতুন ভাৰত গঢ়িম। হৰিজন পাহাৰী হিন্দু মুছলিমৰ বড়ো কোঁচ চুতীয়া কছাৰী আহোমৰ অন্তৰ ভেদি মৌ বোৱাম, ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম, নতুন ভাৰত গঢ়িম। অগ্নিযুগৰ ফিৰিঙতি মই.... Lyrics of jilikabo luitore paar জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেঁটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতী নিজৰাৰে ধাৰ, শত শত বন্তিৰে জ্ঞানৰে দিপালীয়ে, জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ…. সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ, সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ, সমাজে সাবটিব মহান মানৱতা সমাজে সাবটিব মহান মানৱতা, বিজ্ঞানে আনিব জোৱাৰ, জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ…. নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ, নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ, অজ্ঞান চাঁকনৈয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰে ডাঁৰ, অজ্ঞান চাঁকনৈয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰে ডাঁৰ, জিলিকাব লুইতৰে পাৰ…. এন্ধাৰৰ ভেঁটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতী নিজৰাৰে ধাৰ, শত শত বন্তিৰে জ্ঞানৰে দিপালীয়ে, জিলিকাব লুইতৰে পাৰ…. জিলিকাব লুইতৰে পাৰ…. জিলিকাব লুইতৰে পাৰ…. জিলিকাব লুইতৰে পাৰ…. Lyrics of Tomar Dekhon Naam Patralekha তোমাৰ দেখোঁ নাম পত্ৰলেখা পত্ৰ তুমি নিলিখা হ'লাঁ হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই। হয়তো তুমি তোমাৰ মৰমবোৰ থৈছাঁ সাঁচি কাৰোবালৈ গুপুতে বুকুতে... তাত মোৰ ভাগেই নাই.. কিম্বা মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই। বহু ঋতু পাৰ হৈ গʼল মোৰো মনৰ পত্ৰ বহু লিখা যে নহʼল মোৰ ক্ষমাও যে নাই হয়তো সেয়ে তোমাৰ অভিমানৰ পৰিধিও নাই। মোৰ চিত্ৰ নাট গীত কবিতাত বিচাৰিলে পাবা চাগৈ পুৰণা ঠিকনা তুমি বিচৰাহে নাই; কিম্বা তোমাৰ ঠিকনা বিচৰাৰ অৱকাশ নাই। পত্ৰলেখা আজি যদি মোৰ ঠিকনা সোধাঁ সমিধানত মৌনতাহে পাবা পত্ৰলেখা আজি যদি মোৰ ঠিকনা সোধাঁ সমিধানত মৌনতাহে পাবা কাৰণ মই এক জিৰণিবিহীন বেদুইন হʼলোঁ জীৱন-চাহাৰাত ঠিকনা মোৰ নাই। তোমাৰ দেখোঁ নাম পত্ৰলেখা পত্ৰ তুমি নিলিখা হ'লাঁ হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই। Lyrics of Snehe Aamar স্নেহে আমাৰ.. শত শ্রাৱণৰ ধাৰাসাৰ বৃষ্টিৰ.. প্লাৱন আনে... যৌৱন-বাসনাৰ ৰিক্তোপকূল পূৰ্ণ কৰে উন্মত্ত বানে .. স্নেহে আমাৰ শত-শ্রাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে ..৷ নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি উচ্ছল জীৱনৰ জোৱাৰ আনে অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে নাছে নৱ সৃষ্টি গানে .... ৷ যৌৱন-বাসনাৰ ৰিক্তোপকূল পূৰ্ণ কৰে উন্মত্ত বানে .. স্নেহে আমাৰ শত-শ্রাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে ..৷ বিদ্যুৎ ক্ষিপ্র নয়নে তোমাৰ ! বিদ্যুৎ ক্ষিপ্র নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে নিশ্বাসে মোৰ আশাৰ আশ্বাসত তৃপ্তিৰ পৰিধি নেমানে তৃপ্তিৰ পৰিধি নেমানে ৷ প্রীতি দিগ্‌বলয়ত গতিশীল গীত গাওঁ বজ্রৰ গৰ্জ্জনে হাৰ মানে বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায় আমাৰ দৃষ্টিয়েও লক্ষ্য জনে বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায় আমাৰ দৃষ্টিয়েও লক্ষ্য জনে যৌৱন-বাসনাৰ ৰিক্তোপকূল পূৰ্ণ কৰে উন্মত্ত বানে .. স্নেহে আমাৰ শত-শ্রাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে স্নেহে আমাৰ শত-শ্রাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে ..৷৷ Lyrics of Chirajugamiya Dhou Tuli চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি চিৰ নতুন পানচৈ উটি যায়, জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি সময় নদীত পথ আঁকি আঁকি যায়, অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে, চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি… অ’ অ’ অ’ মোৰ মন গীতিকাৰ চোৱাহি চোৱাহি হৃদয় বিলাই কোন যায়, জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি পদুম সুৰৰ পানচৈ উটি যায়, অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে, চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি… উজনি পানীতে মৰমী সোঁততে চিত্ৰলেখীয়ে চিৰসুন্দৰৰ শংখ কাপেৰে বুৰঞ্জী লিখে, অ’ অ’ অ’ মোৰ মন সুৰকাৰ গোৱাহি গোৱাহি সুৰৰ আজি সীমা নাই; চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি নতুন সুৰৰ পানচৈ উটি যায়, জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি সময় নদীত পথ আঁকি আঁকি যায়, অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে, চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি… চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি… #bhupenhazarikasong #assameseoldsong #audiojukebox

Comments