У нас вы можете посмотреть бесплатно Tumar Gane Gane II Assamese Poem II Sourav II Rishav II Arpan II Dikshita или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Written by : Saurav Sarma Recited by : Rishav Ranjan Bhagabati Dikshita Rajbongshi Music : Rishav Ranjan Bhagabati Video : Arpan Ananda Sarma Special thanks:- Panchoi, Diganta, Dhruba, Pranjana, Dhritiman, Dikshita, Dhritidipa, Gunjan, Disa, Gitartha, Rahul, Gargi, Ananya #newassamesepoem #treanding #romanticpoem #lovesong #music Lyrics : গান গায় আছা ন' সুৰ দিছানে জীৱনক নে আকৌ সাৱটি লৈছা মৌনতাক ,নিঃসংগতাক? ইমান ভালপোৱানে মোৰ গানক ? সোধা নাই মোৰ খবৰ , বুজিব চেষ্টা কৰা নাই ভাষা ভিজা ওঁঠৰ। জানোঁ ,তুমি কুশলেই আছা। কেনেকৈ? নিশব্দ ৰাতিবোৰত যে মই হোৱা নাই নিসংগ, শিতানৰ গাৰুৱে বুজা নাই উচুপনিৰ তৰংগ তাতেই বুজা যায় তুমি কুশলে আছা। গানৰ কথা নোকোৱা? সেই যে নৈৰ পাৰত বেলি লহিওৱাৰ সময়ত এটা গান গাইছিলোঁ তুমি যে দুহাত মেলি চিঞৰি কৈছিলা মই সাৰে থাকিম তোমাৰ গানে গানে। কোনটো গান? "অনুৰাগী মোৰ মনৰ বহু কথা ক'ব খোজো আজি শুনা না, খুলি কোৱা চোন গুপুতে ৰখা নিবিড় মৰমী সেই ভালপোৱা।।" তোমাৰ মাতটো আজিও একেই আছে। তুমিওতো একেই আছা। কেনেকৈ? এতিয়া মই দীঘল কৰিছোঁ চুলি ৰাখিছোঁ দীঘল দাড়ি, হাতত মাজে সময়ে জ্বলে চিগাৰেট চাইকেলৰ সলনি চলাইছো বুলেট। নহয় অ' , চাইকেলৰ দৰেই বুলেটত উঠিও তুমি গানেই গুণগুণাইছা, আনৰ অন্ধকাৰক সামৰি নিজৰ সমস্ত পোহৰ বিলাই দিছা। তোমাৰ মনত আছেনে? কি? তুমি পাৰ হৈ যোৱা পথত নিতৌ মোৰ চাইকেলৰ চেইন পৰাৰ অজুহাত , মই তোমাৰ লগত যাব বিচাৰো বুলি জানিয়েই তুমিও খোজকাঢ়ি ঘৰলৈ মেলিছিলা বাট। কিয় নাথাকিব কোৱা? তুমি জানো শুকান পাতত বিচৰা নাছিলা মোৰ কোমল ওঁঠৰ পৰশ, তোমাৰ জেপত এজাৰ গুজি দি ময়ো কৈছিলোঁ- প্ৰেম নহয় ইমান সুলভ! সময়ৰ নিষ্ঠুৰতাত তোমাৰ কাষত ৰৈ তোমাৰ হোৱাৰ বহুদিনেই হ'ল, তোমাক বিচৰাৰ পিছত ভগৱানক সকলো তোমাৰ বাবে বিচৰাও বহুদিনেই হ'ল। মোৰো জানা! তোমাৰ নামৰ সেন্দুৰ লোৱাৰ অলীক সপোনটো মই বহুদিন নাই দেখা, তুমি কাষত ৰ'লেই মোৰ বুকুখন বহুদিন নাই কপা। এতিয়াও সেই গানটো গোৱা নে? গাওঁ। "এৰি অহা বাটতে মৰম সামৰি ল'লো সোঁৱৰণী স্মৃতিতে তোমাক বিচাৰি পালোঁ এবাৰ আহানা...।।" বহুত দেৰি হ'ল, তাকেই বহুত দেৰি হৈ গ'ল। আহোঁ দিয়া, তোমাক শেষ বাৰলৈ চোৱাৰ তৃষা পূৰালোঁ। তুমি নতুন পোহৰ আহিছাই যিহেতু কিছু সময় ৰৈ দিয়া তোমাৰ সান্নিধ্যত ময়ো আঁতৰাও জীৱনৰ তমসা, তুমি নতুন সুবাস বুকুত লাগি ধৰিছাই যিহেতু দেৰিলৈ থাকা ময়ো বুজি উঠোঁ ইমানো নহয় যে মই অকলশৰীয়া। বিয়াত আহিবা মোৰ সাহস দিবা কানে কানে নাই নাই মই নোৱাৰিম , মই এনেকৈয়ে জীয়াই থাকিম তোমাৰ গানে গানে।।