У нас вы можете посмотреть бесплатно ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ "মোৰ শৈশৱ মোৰ কৈশোৰ" ৰ গ্ৰন্থপাঠ 1 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ড৹ ভবেন্দ্ৰনাথ শইকীয়া আছিল একেধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, সম্পাদক আৰু চলচিত্ৰ নিৰ্মাতা।তেওঁৰ জন্ম হৈছিল 1932 চনৰ 20 ফেব্ৰুৱাৰীত নগাঁৱত।অসমীয়া পষেকীয়া আলোচনী "প্ৰান্তিক" আৰু শিশু আলোচনী "সঁফুৰা" ৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত অন্যতম আছিল শৃংখল, সেন্দুৰ,গহ্বৰ, অন্তৰীপ, ৰম্যভূমি,শেষপৃষ্ঠা,সান্ধ্যভ্ৰমণ,জীৱনবৃত্ত, জীৱনৰেখা আদি।তেওঁৰ "শৃংখল" গল্পসংকলন খনৰ বাবে 1976 চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তদুপৰি তেওঁ পৰিচালনা কৰা ছবিসমূহৰ ভিতৰত আছিল সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল,সাৰথি,আবৰ্তন, ইতিহাস, কালসন্ধ্যা।তেওঁৰ পৰিচালিত 7 খন ছবিয়ে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰজত কমল বঁটা লাভ কৰাৰ লগতে "অগ্নিস্নান" ছবিৰ বাবে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা। গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত অসমৰ এটি প্ৰধান সাংস্কৃতিক কেন্দ্ৰ কলাক্ষেত্ৰ স্থাপনৰ আঁৰৰ অন্যতম গুৰিয়াল আছিল ড৹ ভবেন্দ্ৰনাথ শইকীয়া।অসমীয়া জাতি-সংস্কৃতি তথা অসমীয়া সমাজখনলৈ তেওঁৰ অৱদান একেবাৰতে কৈ শেষ কৰিব নোৱাৰি।